আলমণ্ড: অতিমাত্ৰা ফাইবাৰ নিহিত আছে আলমণ্ডত । ইয়াত বহু পৰিমাণে প্ৰ’টিন থাকে । দিনে এটা বা দুটাকৈ আলমণ্ড খালেও শৰীৰৰ বাবে উপকাৰী। ভোক লাগিলে অস্বাস্থ্যকৰ লঘু আহাৰ খোৱাতকৈ এই আলমণ্ড খোৱাৰ অভ্যাস গঢ়ি তোলক । কাৰণ আলমণ্ডত নিহিত থকা ফাইবাৰ আৰু প্ৰ’টিন শৰীৰত যথেষ্ট পুষ্টি যোগায় আৰু সহজে ভোক নালাগে । ক’ৰবালৈ হঠাতে ওলাই গ’লেও জৰুৰীকালীন সময়ছোৱাত আপোনাৰ যদি যথেষ্ট ভোক লাগে , তেন্তে এটা বা দুটা আলমণ্ড খাওক । বেগ বা পাৰ্ছত ৰাখি থওক কেইটামান আলমণ্ড । ফল-মূল:- ওজন হ্ৰাস কৰাত ফল-মূলৰ যথেষ্ট গুৰুত্ব আছে । ফল- মূলত নিহিত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট শৰীৰৰ বাবে উপকাৰী । দৈনিক খাদ্য তালিকাত যিকোনো এবিধ সতেজ ফল-মূল অন্তৰ্ভুক্ত কৰক। উৎস: দেওবৰীয়া সম্ভাৰ