বৃক্ক বিকল হ’লে চিকিৎসা - বৃক্ক সংৰোপণ: হোম ডায়েলাইছিছ : ডায়েলাইছিছ হৈছে শৰীৰৰ পৰা বিষাক্ত তথা অলাগতিয়াল পদাৰ্থসমুহ নিষ্কাষন কৰাৰ এক মাধ্যম। বৃক্ক সংৰোপণ হৈছে অস্ত্ৰোপচাৰৰ দ্বাৰা স্বাস্থ্যৱান বৃক্ক অন্তিম পৰ্যায়ৰ বৃক্ক ৰোগীৰ শৰীৰত ৰোপণ কৰা। বৃক্ক সংৰোপণৰ পিচত ৰোগীজন আগৰ নিচিনাকৈ সুস্থ হয় আৰু লগতে প্ৰায় স্বাভাৱিক আৰু সক্ৰিয় জীৱন যাপন কৰিবলৈ সক্ষম হয়। ৰোগীজনৰ ডায়েলাইছিছৰ কোনো প্ৰয়োজনীয়তা নাথাকে, কিন্তু তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি আজীৱন দৰব সেৱন কৰিব লাগে। বৃক্ক সংৰোপণৰ পদ্ধতিসমুহ - প্ৰথমতে কোনো ইচ্ছুক ব্যক্তিয়ে এটা স্বাস্থ্যৱান বৃক্ক দান কৰিবলৈ প্ৰস্তুত হ’ব লাগিব। উক্ত বৃক্ক অন্তিম পৰ্যায়ৰ বৃক্ক ৰোগীৰ শৰীৰত সংৰোপণ কৰিব লাগিব। অস্ত্ৰোপচাৰৰ পিচত অতি কমেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১০-১৫ দিন চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগিব। কোনে, কেনেকৈ বৃক্ক দান কৰিব - বৃক্কদান পদ্ধতিত দুটা দিশ বিশেষভাৱে মানি চলা হয়। আইনসংগত সন্মতি, শাৰীৰিক সুস্থতা তথা সক্ষমতা (বৃক্কৰোগ বিশেষজ্ঞ আৰু বৃক্ক সংৰোপণৰ শল্য চিকিৎসকৰ পৰামৰ্শমতে) বৃক্ক গ্ৰহণৰ ক্ষেত্ৰত মন কৰিবলগীয়া - যিকোনো সক্ৰিয় সংক্ৰমণৰ পৰা মুক্ত হ’ব লাগিব। ৰোগীগৰাকীৰ সক্ৰিয় অৱস্থাত কৰ্কট ৰোগ থাকিব নালাগিব। কোনো প্ৰকাৰৰ মানসিক ৰোগী হ’ব নালাগিব। ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা নিম্নতম দুবছৰতকৈ বেছি হ’ব লাগিব। এইখিনিতে বিশেষভাৱে উল্লেখনীয় যে বৃক্ক দাতাৰ ব্লাড গ্ৰুপ একে নহ’লেও বৃক্ক সংৰোপণ কৰিব পৰা যায়, কিন্তু এনে পদ্ধতি জটিল, খৰচী আৰু কিছুমান বিশেষ দৰব ব্যৱহাৰ কৰিবলগীয়া হয়। বৃক্কদাতাৰ শাৰীৰিক স্থিতি - দাতাগৰাকী ৰোগীৰ সৈতে একে ব্লাড গ্ৰুপৰ হ’ব লাগিব। ১৮ বছৰৰ ঊৰ্ধ্বৰ আৰু ৬৫ বছৰৰ ভিতৰৰ স্বাস্থ্যৱান ব্যক্তি হ’ব লাগিব। বৃক্কদ্বয়ৰ কাৰ্যকাৰিতা উপযুক্ত হ’ব লাগিব। যিকোনো সক্ৰিয় সংক্ৰমণৰ পৰা মুক্ত হ’ব লাগিব। দাতাগৰাকীৰ কোনো ধৰণৰ মানসিক ৰোগ বা নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা মুক্ত হ’ব লাগিব। মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ থাকিব নালাগিব। বৃক্কদানৰ ক্ষেত্ৰত ব্লাড গ্ৰুপৰ মিল - গ্ৰহিতাৰ ব্লাড গ্ৰুপ দাতাৰ ব্লাড গ্ৰুপ O O A A বা A B B বা 0 AB A,B,O,AB বৃক্কদান দুই প্ৰকাৰৰ - জীৱিত ব্যক্তিৰ দ্বাৰা দান আৰু মৃত দাতা। জীৱিত মানুহৰ শাৰীৰিক সুস্থতা পৰীক্ষা কৰাৰ পিচত এটি বৃক্ক অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীজনৰ শৰীৰত সংৰোপণ কৰা হয়। অৰ্থাৎ জীৱিত দাতাৰ এটা অস্ত্ৰোপচাৰ আৰু বৃক্ক গ্ৰহীতাৰ এটা অস্ত্ৰোপচাৰ কৰিব লাগে। মৃত ব্যক্তি সচৰাচৰ ব্ৰেইন ডেথটোৰোগী হয়। এনেকুৱা মৃত ব্যক্তিৰ ব্ৰেইন ডেথ হয়, কিন্তু ভাইটেল অৰ্গেনবিলাকৰ কাৰ্যকাৰিতা চিকিৎসাৰ মাধ্যমৰ জৰিয়তে কিছু সময়লৈকে সুৰক্ষিত কৰি ৰাখিব পাৰি। এনেক্ষেত্ৰত ব্ৰেইন ডেথ মানুহৰ বৃক্ক অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই লৈ অন্তিম পৰ্যায়ৰ বৃক্ক ৰোগীৰ শৰীৰত স্থাপন কৰিব পাৰি। এইক্ষেত্ৰত বহুত আইনগত বিধি-বিধান পালন কৰিবলগীয়া হয়। যেনে- Brain dead certification, Organ Preservation, Retrived, Storese and Tranplanation কোন ৰোগীয়ে এই বৃক্ক গ্ৰহণ কৰিব পাৰিব, তাৰ THOA ,1999 মতে বিভিন্ন বিধান আছে। জীৱিত মানুহৰ বৃক্কদান - ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভ। যেনে-পিতৃ-মাতৃ, সন্তান, সহোদৰ (ভাই-ককাই, বাইদেউ-ভনী), ককাদেউতা, আইতা, স্বামী-স্ত্ৰী। সাধাৰণতে এই ব্যক্তিসকলক চিকিৎসকসকলে ‘লিভিং নিয়েৰ ৰিলেটিভ’ বুলি গণ্য কৰে। ইয়াৰ বাহিৰেও যদি কোনোবা জীৱিত ব্যক্তিৰ ৰোগীজনৰ লগত আৱেগিক তথা ঘনিষ্ঠ সম্পৰ্ক আছে, সেইসকল ব্যক্তিয়ে ৰোগীজনক বৃক্কদান কৰিব পাৰে। ইয়াকে ‘লিভিং আদাৰ দেন ৰিলেটিভ’ বা ‘আন ৰিলেটেড ট্ৰেন্সপ্লেণ্ট’ বুলি কোৱা হয়। উদাহৰণস্বৰুপে খুৰা-খুৰী, ভতিজা তথা পৰিয়ালৰ অন্যান্য বন্ধুবৰ্গ। এইক্ষেত্ৰত ‘লিভিং নিয়েৰ ৰিলেটিভ’ বৃক্ক দাতা হ’লে হাস্পতাল অথ’ৰাইজেচন কমিটী(চৰকাৰে নিযুক্তি দিয়া অনুসৰি)বা THOA বিধান অনুসৰি বৃক্কদান তথা সংৰোপণৰ বাবে আগবাঢ়িব পাৰি। আনহাতে আদাৰ দেন নিয়েৰ ৰিলেটিভ হ’লে ষ্টেট অথ’ৰাইজেচন কমিটী (THOA ৰ দ্বাৰা চৰকাৰে নিযুক্তি দিয়া অনুসৰি)ৰ অনুমতিৰ প্ৰয়োজন। যদি হাস্পতাল অথ’ৰাইজেচন কমিটী নাথাকে জিলা বা ৰাজ্যিক পৰ্যায়ৰ অথ’ৰাইজেচন কমিটীৰ পৰা অনুমতি লাভ কৰাটো বাধ্যতামুলক। আনহাতে যদি দুই পক্ষ পৃথক ৰাজ্যৰ বাসিন্দা হয়। এইক্ষেত্ৰত বৃক্কদাতা আৰু গ্ৰহণ কৰোতাৰ নিজৰ ৰাজ্যৰ অথ’ৰাইজেচন কমিটীৰ পৰা এন অ’ চি ল’ব লাগিব। এনে এন অ’চি বৃক্ক সংৰোপণ কৰিবলগীয়া ৰাজ্যৰ অথ’ৰাইজেচন কমিটীৰ পৰা এন অ’ চি ল’ব লাগিব। অথ’ৰাইজেচন কমিটীৰ ওচৰত দাখিল কৰি বৃক্ক সংৰোপণ তথা দানৰ বাবে অনুমতি ল’ব লাগিব। আমাৰ অসমৰ ক্ষেত্ৰত কেৱল হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত অথ’ৰাইজেচন কমিটীৰ এনে অনুমতি প্ৰদানৰ ব্যৱস্থা আছে আৰু অসমৰ কোনো চিকিৎসালয়ত এই অথ’ৰাইজেচন কমিটী এতিয়ালৈকে জনাত ব্যৱস্থা নাই। লেখক: ডা: তৌহিদুল চৌধুৰী (দেওবৰীয়া সম্ভাৰ )