শিলিখা এবিধ অপূৰ্ব ফল। ইয়াৰ গুণৰ শেষ নাই। নানা ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে শিলিখা ব্যৱহাৰ হয়। আয়ুৰ্বেদ শাস্ত্ৰত সাত প্ৰকাৰ শিলিখাৰ উল্লেখ আছে যদিও শিলিখা প্ৰধানতঃ দুবিধ- ডাঙৰ আৰু সৰু শিলিখা। সৰু শিলিখাৰ ৰং অলপ কলা আৰু একেই গছতেই দুয়োবিধ শিলিখা লাগে। ঔষধি গুণতো বিশেষ প্ৰভেদ নাই। ঔষধৰ বাবে গুটিৰ ওপৰৰ ডাঠ বাকলি ব্যৱহাৰ হয়। কেতিয়াবা গুটিও ব্যৱহাৰ হয়। শিলিখাৰ (গুটি বাদ দি) চূৰ্ণ ৩ বা ৪ গ্ৰামমান ওলায় আৰু ৫-ৰ পৰা ২০ গ্ৰাম পৰ্যন্ত ঔষধত ব্যৱহাৰ হয়। প্ৰতিদিন আহাৰৰ পাছত শিলিখা খালে বুদ্ধি, বল আৰু আয়ুস বাঢ়ে। শিলিখাত ছয় ৰসৰ লুণীয়া ৰসৰ বাহিৰে বাকী পাঁচোটা ৰসেই আছে। গুৰৰ লগত শিলিখা খালে সমস্ত ৰোগ বিনাশ হয়। খোৱাৰ পাছত শিলিখা খালে (বটি লৈ চাটনি কৰি) বাত-পিত্ত- কফ এই ত্ৰিদোষ নাশ কৰে। বিভিন্ন ৰোগত শিলিখাৰ ব্যৱহাৰ খোৱাবস্তু হজম হ’ব নোখোজে (মন্দাগ্নি) শিলিখাৰ গুড়ি গুৰ বা সৈন্ধৱ লোণৰ লগত খালে (সদায়, কিছুদিন) অগ্নি প্ৰদীপ্ত হয় খোৱা বস্তু হজম হয় আৰু ভোক বাঢ়ে। শৌচ কচা শিলিখা, ভঁইৰা আৰু আমলখি যাক ত্ৰিফলা বুলিও জনাজাত, সম মাত্ৰাত অথবা ত্ৰিফলাৰ মাত্ৰাত (শিলিখা ১০ গ্ৰাম, ভঁইৰা ২০ গ্ৰাম, আমলখি ৪০ গ্ৰাম বা এই অনুপাতে) নিতৌ কিছুদিন খালে শৌচ কচা ৰোগ দূৰ হয়। মিশ্ৰণ চূৰ্ণ ৫ গ্ৰামকৈ খাব। পনীয়া শৌচ বা হাগনি শিলিখা সিজাই সেই পানী খুৱালে পনীয়া শৌচ হোৱাটো বন্ধ হ’ব। বমি শিলিখাৰ গুড়ি মৌৰ লগত মিহলাই খালে বমি বন্ধ হ’ব। কৃমি শিলিখা আৰু মহানিমৰ ছাল একেলগে গুড়ি কৰি লৈ গুৰ মিহলাই খালে পেটৰ কৃমি নাশ হয়। অৰ্শৰোগ শিলিখাৰ গুড়ি আৰু গুৰ ৫ গ্ৰামকৈ লৈ ৰাতিপুৱা আৰু গধূলি কিছুদিন একেৰাহে খালে অৰ্শৰোগ আৰোগ্য হ’ব। যদি অৰ্শৰ বলি (মূৰ) দেখা নাযায় কিন্তু শৌচ কৰিবলৈ বহিলে তেজ ওলায়, তেনেহ’লে প্ৰতিদিনে ৰাতিপুৱা ২৫ গ্ৰাম শিলিখা আৰু ২০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰস মিহলাই খালে অৰ্শ আৰোগ্য হ’ব। পেটৰ শূল ১৫ গ্ৰাম শিলিখাৰ চূৰ্ণ ১০ গ্ৰাম ঘিউৰ লগত মিহলাই কিছুদিন খালে অম্লশূল, পিত্তশূল আৰোগ্য হয়। ১৫ গ্ৰাম শিলিখা চূৰ্ণ আৰু ১৫ গ্ৰাম গুৰ মিহলাই ৭ দিন খাওক, পেটৰ শূল দূৰ হ’ব। কামলা বা ডণ্ডিচ ৰোগ শিলিখাৰ চূৰ্ণৰ লগত সমান মাত্ৰাত গুৰ মিহলাই খালে কামলা ৰোগ দূৰ হয়। মানুহৰ আকাৰ অনুপাতে ১০-২০ গ্ৰাম (দুয়োবিধৰে মিলাই) লৈ দিনে তিনিবাৰকৈ খাব লাগে। গা ফুলা ৰোগ পুৰণি গুৰ আৰু শিলিখাৰ গুড়ি সম মাত্ৰাত একেলগে সানি লওক। তাৰ পাছত ১৫ গ্ৰাম ওজনৰ একো একোটা বড়ি কৰি লওক আৰু প্ৰতিদিনে এটাকৈ বড়ি কেইদিনমান খাওক। গা ফুলা ৰোগ দূৰ হ’ব। প্ৰমেহ বা যৌনাংগৰ ৰোগ শিলিখা চূৰ্ণ মৌৰ লগত খালে প্ৰমেহ ৰোগ নাশ হয়। শিলিখা চূৰ্ণ ১০ গ্ৰামকৈ লৈ দিনে এবাৰকৈ কিছুদিন খাব লাগে। কাহ শিলিখা, জালুক আৰু পিপলি মিহলাই গুড়ি কৰি ৩ গ্ৰামকৈ দিনে ৩ বাৰকৈ খাওক। কাহে এৰা দিব। দাঁতৰ ৰোগ শিলিখাৰ গুড়িৰে (মিহিকৈ লোৱা চূৰ্ণ) দাঁত মাজিলে দাঁত সুস্থ আৰু নিৰোগী হৈ থাকে। চকুৰ ৰোগ শিলিখা থেতেলাই পানীত তিয়াই থৈ সেই পানীৰে চকু ধুলে চকুৰ অসুখ দূৰ হয়। দৃষ্টিশক্তি বাঢ়ে। পাথৰি ৰোগ পাথৰি ৰোগ য’তেই নহওক, (গল ব্লাডাৰ, মূত্ৰাশয়, কিডনি) ১৫-১৬ টা মান শিলিখা গুটিসহ আধা ভাঙি এগিলাচ গাখীৰত লৈ সিজাওক আৰু প্ৰতিদিনে এবাৰকৈ ১ মাহ খাওক। পাথৰ গলি ওলাই যাব। কুষ্ঠ ৰোগ শিলিখাৰ চূৰ্ণ ৫ গ্ৰাম ৪০ মিলিলিটাৰ গোমূত্ৰৰ সৈতে মিহলাই প্ৰতিদিনে ৰাতিপুৱা খালী পেটতে খালে, খোৱা-লোৱাত সাৱধান হ’লে, মাছ-মাংস-কণী আদি নাখালে, বিশেষ উপকাৰ হ’ব। মূত্ৰকৃচ্ছ প্ৰস্ৰাৱ কৰোঁতে কষ্ট হ’লে ২ চামুচ শিলিখাৰ গুড়ি, ২ চামুচ হেলেচীৰ ৰস আৰু ২ চামুচ চেনি একেলগে মিহলাই ১৫ দিন ৰাতিপুৱা আৰু ৰাতি খালে মূত্ৰকৃচ্ছ বা প্ৰস্ৰাৱৰ কষ্টৰ ৰোগ দূৰ হ’ব। কিন্তু প্ৰতিদিনে পানী ৮-১০ গিলাচ খাব। আংগুলহাড়া আঙুলিৰ নখৰ কোণ ফুলা ৰোগ হ’লে বা আঙুলি ফুলি বিষালে শিলিখা বটি লগত অলপ চন্দন মিহলাই ফুলা ঠাইত লগাই দিলে ৩ দিনতে আঙুলি আৰোগ্য হৈ উঠিব। শিলিখা বটোতে কোনো লোৰ পাত্ৰত লৈ বটিব, মছলা বটা পটাত নবটিব। বসন্ত ৰোগত শিলিখা এটা ফুটা কৰি গাত বান্ধি ৰাখিলে বসন্তৰ প্ৰকোপ নাবাঢ়ে, জ্বলা-পোৰা কমে আৰু সোনকালে আৰোগ্য হয়। শক্তিবৰ্ধক আমলখি, মিথিৰ দৰে শিলিখা এবিধ শ্ৰেষ্ঠ বনৌষধি। ই অকলেই বহু ৰোগৰ নিবাৰক হয়। শিলিখাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। কিন্তু ইয়াৰ বিশেষত্ব এই যে অকল শিলিখাই এজন মানুহ প্ৰায় নিৰোগী কৰি ৰাখিব। ইয়াৰ বিশেষ কেইটিমান গুণ ইয়াত উল্লেখ কৰা হ’ল। শিলিখা মুখত লৈ পানী খালে সহজে কোনো ৰোগেই হ’ব নোৱাৰে। সপ্তাহত এদিন শিলিখা খালেই হয়। ক’লা শিলিখাই বাত, পিত্ত, কফৰ পৰা হোৱা দোষ আৰু কফ শৌচৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। এবিধ প্ৰতিক্ৰিয়াহীন জুলাপ। শৌচৰ মাধ্যমেৰে শৰীৰৰ বিষাক্ত বস্তু বাহিৰ কৰি দিবলৈ শিলিখা সক্ষম। তাৰোপৰি ই ৰোগ প্ৰতিৰোধৰ ক্ষমতাও প্ৰদান কৰে। শিলিখাৰ ৰসায়ন গুণ আছে যাৰ ফলত শৰীৰ সপ্তধাতুক শুদ্ধ আৰু পুষ্টকৈ ৰাখে। শৰীৰৰ কৰ্মৰাজি স্বাভাৱিক হৈ থাকে। সৰু সৰু কোষবোৰো সুস্থ আৰু স্বাভাৱিক হৈ থাকে। সদায় আহাৰ খোৱাৰ পাছত শিলিখা খালে মল-মূত্ৰ নিয়মিত হয়। বল-বুদ্ধি বাঢ়ে, বাত, ফ্লু, চৰ্দি, কাহ আদি অসুখ নহয়। শিলিখা চোবাই খালে ক্ষুধা বাঢ়ে। বটি বা গুড়ি কৰি খালে পেট পৰিষ্কাৰ হয়। সিজাই খালে শৌচ বন্ধ হয় আৰু ভাজি খালে বাত-পিত্ত-কফ নাশ হয়। ছয় ঋতুত বেলেগ বেলেগ অনুপানেৰে খালে বিশেষ ফল লাভ হয়। বৰ্ষাত সৈন্ধৱ লোণ, শৰতত চেনি, হেমন্তত শুঁঠ, শীতত পিপলি, বসন্তত মৌ আৰু গ্ৰীষ্মত গুৰৰ লগত শিলিখা খাব লাগে। লোণৰ লগত শিলিখা খালে কফ নাশ হয়। চেনি বা মিছিৰিৰ লগত খালে পিত্ত নাশ হয়, ঘিউৰ লগত খালে বাতৰ অসুখ আৰু গুৰৰ লগত খালে ত্ৰিদোষ নাশ হয়। অজীৰ্ণ, অৰ্শ, বাত, ৰক্ত, শোথ ৰোগত শিলিখা গুৰেৰে খাব লাগে। জ্বৰ হ’লে মৌৰ লগত, অম্লপিত্ত, ৰক্তপিত্ত হ’লে মনাক্কা বা কিচমিচৰ লগত, খৰ খজুৱতি, ফুলা আৰু জণ্ডিচ ৰোগত গৰুৰ মূতৰ লগত, আমবাত হাৰ্নিয়া, অণ্ডকোষৰ বৃদ্ধিত এৰাৰ তেলৰ লগত ১-৩ গ্ৰামকৈ খাব লাগে। কিন্তু বৰ দুৰ্বল, উপবাসে থকা লোক, গৰম প্ৰকৃতিৰ মানুহ আৰু গৰ্ভৱতী তিৰোতাই সাৱধানতাৰে খাব লাগে। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।