বেল এবিধ কণ্টকীবৃক্ষ। ফল মে’ মাহত ধৰে আৰু পাছৰ বছৰৰ মাৰ্চ-এপ্ৰিল মাহত পকে। পকা বেল মধুৰ ৰসযুক্ত, দুঃপাচ্য, মলৰ দুৰ্গন্ধতাজনক, অগ্নিমান্দ্যকাৰক, ত্ৰিদোষজনক আৰু শৰীৰত অম্ল উত্পাদক। পকা বেল সহজে হজম নহয় যাৰ বাবে পেটত দুৰ্গন্ধযুক্ত বায়ুৰ সৃষ্টি হয়। কিন্তু বেলৰ ছাল জ্বৰ, বুকুফুলা, মানসিক বিকাৰ আদিত হিতকাৰী। বেলৰ ছাল দশমূল ঔষধৰ এবিধ। পকা বেল সাৰক অৰ্থাত্ কোষ্ঠ পৰিষ্কাৰ কাৰক। বিভিন্ন ৰোগত বেলৰ ব্যৱহাৰ বমিত বেলৰ ছালৰ আৰক (সিজাই উলিওৱা পানী) অলপ মৌৰ লগত অলপ অলপকৈ খুৱাই থাকিলে বমি বন্ধ হয়। অৰ্শ ৰোগ পকা বেল খালে অৰ্শ শান্ত হয়। কোষ্ঠকাঠিন্য থাকিলে মাজে মাজে পকা বেল খালে উপকাৰ হয়। শৌচ খোলোচা হয়। আমাশয় বা শাঁও পৰা ৰোগ কেঁচা বেল পুৰি গুৰৰ লগত খালে বিশেষ উপকাৰ হয়। কেঁচা বেল পোৰা খালে হজম শক্তিও বাঢ়ে। শোথ বা ফুলা ৰোগ ২ চামুচ বেল পাতৰ ৰসত ২০ গ্ৰাম জালুকৰ গুড়ি মিহলাই খালে শোথ প্ৰশমিত হয়। শুক্ৰ তাৰল্য, যৌন উত্তেজনা বৃদ্ধি বেলৰ ছালৰ চূৰ্ণ ৫ গ্ৰাম আৰু জিৰা ৫ গ্ৰাম একেলগে বটি খালে যৌন উত্তেজনা কমে। শুক্ৰক্ষয়ৰ বাবে স্মৃতি শক্তি হ্ৰাস হ’লে, কিছুদিন খালে উপকাৰ হয়। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।