এবিধ বনৰীয়া গছ আৰু তাৰ ফল। ডিমৰু গছৰ ছাল, পাত আৰু ফল শক্তিবৰ্ধক ঔষধ হিচাপে পৰিচিত। ইয়াত বহু পৰিমাণে লো থাকে বাবে ৰক্তপিত্ত, ৰক্তমেহ, ৰক্ত আমাশয়, ৰক্তপ্ৰদৰ, ৰক্তপ্ৰস্ৰাৱ, বহুমূত্ৰ, ৰক্তহীনতা আদি সৰ্বনাশী ৰোগৰ ক্ষেত্ৰত বিশেষভাৱে উপকাৰ সাধন কৰে। ডিমৰু ফল খালে তেজ পৰিষ্কাৰ হয়, শৌচ খোলোচা হয়। ই পিত্তনাশক আৰু যিকোনো ধৰণৰ অৱসাদ দূৰ কৰে। টোপনি টোপনি ভাব দূৰ কৰে। তেজ বঢ়ায়, কফ বাহিৰ কৰি দিয়ে, শৰীৰৰ ৰঙেই সলনি কৰি দিয়ে। গাৰ বল শক্তি বঢ়ায়। এই খিনিতে উল্লেখ কৰিব পাৰি যে মহাত্মা গান্ধীয়ে ডিমৰু বৰ পছন্দ কৰিছিল। ই হাঁপানি আৰু যক্ষ্মাৰ প্ৰতিৰোধক। শক্তিবৰ্ধনৰ বাবে প্ৰতিদিনে ৰাতিপুৱা ২-৩ টা ভাল শুকান ডিমৰু খাই ২৫০ মিলিলিটাৰ মিছিৰি মিহলোৱা (গুড়ি কৰি) গাখীৰ খাওক। ই অতি শক্তিবৰ্ধক। নিয়মিতভাৱে ২-৩ সপ্তাহ খালে বিশেষ উপকাৰ অনুভৱ কৰিব। ই বৃদ্ধসকলৰ বাবে এবিধ পুষ্টিকৰ আহাৰ। যাৰ দাঁতৰ অসুখ আছে বা যাৰ দাঁত দুৰ্বল ৰাতি ২-৩ টা ডিমৰু ভিজাই থওক। পানী কম দিব যাতে ডিমৰু ভিজি পাত্ৰত পানী ৰৈ নাযায়। পানী শুহি লৈ ডিমৰু কেঁচা ডিমৰুৰ দৰে হ’ব। ৰাতিপুৱা এই ডিমৰু খাওক। কেইদিনমান একেৰাহে খালে দাঁত সুস্থ হৈ উঠিব। অৰ্শ ৰোগত ৰাতি ডিমৰু তিয়াই থৈ ৰাতিপুৱা খালে যিকোনো ধৰণৰ অৰ্শ দূৰ হ’ব। এমাহমান খাব লাগিব পাৰে। আমাশয়ত ডিমৰুৰ পাত (কোমল) আলা চাউলৰ (আতপ চাউল, উহোৱা নহয়) লগত চোবাই খালে শৌচত শাঁও পৰা বন্ধ হয়। ডিমৰু গছৰ ছাল ২৫ গ্ৰাম ১০০ গ্ৰাম মিছিৰিৰ লগত খালেও আমাশয় এৰা দিয়ে। ৰক্তপ্ৰদৰ বা বগা মাহেকীয়া স্ৰাৱ হ’লে মহিলাই ডিমৰুৰ ৰস মৌৰ লগত খাব আৰু চেনি দি গাখীৰ ভাত খাব। ৰক্তপ্ৰদৰ দূৰ হ’ব। ৰক্তহীনতাত দৈনিক (কেইদিনমান) ডিমৰুৰ তৰকাৰী খালে ৰক্তহীনতা দূৰ হয়। বহুমূত্ৰত দৈনিক ২-৩ টা মান ডিমৰু খালে উপকাৰ হয়। মূৰ ঘূৰণিত দূবৰি বন ১০ গ্ৰামৰ লগত ডিমৰু ২-৩ টা ভাজি খালে মূৰ ঘূৰণি কমিব। হিকটি হ’লে ডিমৰু চকলিয়াই পানীত কিছু সময় তিয়াই থৈ সেই পানী খালে হিকটি অহা বন্ধ হ’ব। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।