জায়ফল এবিধ মছলা দ্ৰব্য। ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। বিভিন্ন ৰোগত জায়ফলৰ ব্যৱহাৰ পনীয়া শৌচ জায়ফল আৰু শুঁঠ ভালকৈ বটি লৈ গৰুৰ ঘিউৰ লগত চেলেকি চেলেকি খালে শৌচ ঠিক হৈ যায়। ঠাণ্ডা লাগি হাগনি হ’লেও আৰোগ্য হ’ব। হিকটি, বমি জায়ফল বটি চাউল ধোৱা পানীৰ সৈতে খালে, হিকটি, বমি আৰোগ্য হয়। ঘা, ফোঁহা জায়ফলৰ তেল ঘা, ফোঁহাত লগালে সোনকালে আৰোগ্য হয়। উদৰ শূল দুই এক টোপ জায়ফলৰ তেল চেনি বা বাতাচাত লৈ খালে পেটৰ গেছ, পেটৰ বিষ, হানমাৰি ধৰা অসুখ (শূল) দূৰ হয়। গাঁঠিৰ বাত, সন্ধিৰ বাত ৰোগ জায়ফলৰ তেল সৰিয়হৰ তেলৰ লগত মিহলাই বাত বেদনাৰ ঠাইত মালিছ কৰিলে, ছাল গৰম হৈ উঠে, ঘাম ওলায়, বাতৰ অসুখত টানি ধৰা ঠাইত মাংসপেশী শিথিল হয়, বিষ-যন্ত্ৰণাই এৰা দিয়ে। হাত-ভৰিত বিষ বা অৱশ কলেৰা হাগনি আদি হৈ অৱশ হ’লে, বিষ হ’লেও- জায়ফল চূৰ্ণ ১০০ মিলিলিটাৰ সৰিয়হৰ তেলত মিহলাই অলপ গৰম কৰি হাত আৰু ভৰিৰ অসুখ হোৱা ঠাইত মালিছ কৰক। ব্যথা দূৰ হ’ব। দাঁতৰ ক্ষয়, বিষ-যন্ত্ৰণা জায়ফলৰ তেল তুলাত লৈ দাঁতৰ অসুখৰ ঠাইত লগাওক। দাঁতৰ যন্ত্ৰণা কমিব। দন্ত ক্ষয় বন্ধ হ’ব। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।