কুঁহিয়াৰৰ ৰসৰ গুণ বহুত। ই শৰীৰৰ ক্লান্তি দূৰ কৰে, শৰীৰ ঠাণ্ডা হয়, প্ৰস্ৰাৱৰ মাত্ৰা বঢ়ায়। আনহাতে ই শুক্ৰ শোধক আৰু পুষ্টিবৰ্ধক। ইয়াৰ ৰসৰ যিমান গুণ তাৰ পৰা তৈয়াৰ হোৱা গুৰ বা চেনিৰ সিমান নাই। বিভিন্ন ৰোগত কুঁহিয়াৰৰ ব্যৱহাৰ তেজত শৰ্কৰা কম হ’লে তেজত চেনি বা গ্লুক’জৰ পৰিমাণ কম থাকিলে মানুহৰ মূৰ ঘূৰায়। তেনে অৱস্থাত কুঁহিয়াৰৰ ৰস খাওক, ভাল পাব। হজমৰ গোলমাল হ’লে কুঁহিয়াৰৰ ৰস কেইদিনমান নিয়মিতভাৱে (সদায়) খাওক, হজম কৰা শক্তি বাঢ়িব। ভিটামিন ‘বি’ ৰ অভাৱ হ’লে ভিটামিন ‘বি’ৰ অভাৱ হ’লে প্ৰথম আৰু প্ৰধান লক্ষণ খাদ্যবস্তু ঠিকমতে হজম নহয়। কুঁহিয়াৰৰ ৰসত ভিটামিন ‘বি’ যথেষ্ট থাকে। কুঁহিয়াৰৰ ৰস খালে অজীৰ্ণ ৰোগ নাশ হ’ব। জণ্ডিচ বা কামলা ৰোগত জণ্ডিচ ৰোগত কুঁহিয়াৰৰ ৰস অতি উপকাৰী বস্তু। ই জণ্ডিচ ৰোগ সমূলে নাশ কৰে। কুঁহিয়াৰৰ ৰসৰ লগত, আমলখিৰ ৰস আৰু বেদানাৰ ৰস মিহলাই খুৱাওক। পাণ্ডু ৰোগ দূৰ হ’ব, শৰীৰৰ তেজো বাঢ়িব। তেজত লৌহ পদাৰ্থ কম হ’লে কুঁহিয়াৰৰ ৰসত লৌহ পদাৰ্থ যথেষ্ট থাকে। কুঁহিয়াৰৰ ৰস খালে ৰক্তহীনতা ৰোগতো উপকাৰ হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে ইনোচিটল থাকে আৰু কুঁহিয়াৰৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। পেট গোফা মাৰি থাকিলে, ভাল শৌচ নহ’লে কুঁহিয়াৰৰ ৰস বেছি গৰমকৈ লৈ খাব পৰা হ’লে খালে, শৌচ পাতল হয়, পেট খোলোচা হয়। হাঁচি, বৰকৈ আহি থাকিলে কুঁহিয়াৰৰ ৰস নাকেৰে টানিলে হাঁচি আহি থকা বন্ধ হয়। নাক বন্ধ হোৱা অসুখতো ভাল পাব। বমি হ’লে কুঁহিয়াৰৰ ৰস খালে বমি বন্ধ হয়। শৰীৰ আৰু মন শান্ত হয়। স্নায়ৱিক শক্তি বৃদ্ধিৰ বাবে স্নায়ৱিক শক্তিৰ অৰ্থ হৈছে মেৰুমজ্জাৰ পৰা, মগজুৰ পৰা গোটেই শৰীৰলৈ স্নায়ুৰ সিৰ-উপসিৰবোৰে মগজুৰ পৰা আদেশবোৰ, খবৰবোৰ অন্য অংগ-প্ৰত্যংগলৈ প্ৰতি মুহূৰ্ততে আদান-প্ৰদান কৰি থাকে। উদাহৰণ স্বৰূপে খোৱা-লোৱাৰ কাম, শৌচ-প্ৰস্ৰাৱ কৰাৰ কাম, হজম হোৱাৰ কাম, চকুত কিবা পৰিব খুজিলে চকু মুদি দিয়া, সাপ দেখিলে দৌৰ মৰা, আনকি আপোনজনক দেখি আনন্দ লগা আদি সীমাহীন কাম স্নায়ুৰ মাজেৰে সম্পাদিত হ’ব লাগিছে। এই স্নায়ুৰ কামবোৰ ক্ষিপ্ৰভাৱে সম্পাদন হ’বলৈ হ’লে স্নায়ু সবল হৈ থাকিব লাগে। স্নায়ু দুৰ্বল হ’লে কাম সম্পাদনত বিজুতি ঘটে। কুঁহিয়াৰৰ ৰস খালে এই স্নায়ুমণ্ডলী সবল হয়। সুষম আহাৰ হিচাপে কুঁহিয়াৰৰ ৰসত সুষম আহাৰৰ তিনিওবিধ বস্তুই কাৰ্ব’হাইড্ৰেট, প্ৰোটিন আৰু ফেট্ থাকে আৰু স্বাস্থ্যৰ বাবে ই এবিধ উপকাৰী পানীয়। প্ৰষ্টেট গ্ৰন্থি ফুলিলে দৈনিক ৩-৪ চামুচ কুঁহিয়াৰৰ ৰস দিনে ২ বাৰকৈ খালে উপকাৰ হয়। বুকুত আঘাত লাগি কাহ হ’লে কুঁহিয়াৰৰ ৰস ৭-৮ চামুচ ২-৩ চামুচ গৰম ঘিউৰ লগত মিহলাই খালে কাহ কমি যাব। শিশুৰ পুষ্টিহীনতা ৰোগ শিশু দিনে দিনে ক্ষীণাই যায়, পুষ্টিসাধন নহয়, তেনে অৱস্থা হ’লে দিনে ৪-৫ চামুচ কুঁহিয়াৰৰ ৰস, কিছুদিন খুৱালে উপকাৰ হয়। মাত ভাঙিলে আদাৰ ৰসৰ লগত কুঁহিয়াৰৰ ৰস অলপ অলপকৈ চুহি চুহি খালে মাত স্বাভাৱিক বা তাতোকৈ সুস্বৰ হয়। তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।